About Gandhi Jayanti in Assamese | গান্ধী জয়ন্তী

গান্ধী জয়ন্তী :: Gandhi Jayanti

গান্ধী জয়ন্তীৰ বিষয়ে অসমীয়াত


                  আজি ২ অক্টোবৰ গান্ধী জয়ন্তী । গান্ধী জয়ন্তী ভাৰতৰ জাতিৰ পিতা মহাত্মা গান্ধীৰ জন্ম জয়ন্তী। প্ৰতি বছৰে ২ অক্টোবৰ তাৰিখে গান্ধী জয়ন্তী পালন কৰা হয়। ভাৰতৰ প্ৰতিটো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত একত্ৰিত ভাবে পালন কৰা তিনিটা দিৱসৰ ভিতৰত গান্ধী জয়ন্তী অন্যতম। আন দুটা হৈছে ভাৰতৰ স্বাধীনতা দিৱস (১৫ আগষ্ট) আৰু গণৰাজ্য দিৱস (২৬ জানুৱাৰী) ।

      গান্ধী জয়ন্তী উদযাপনৰ তাৎপৰ্যঃ-

           ১৮৬৯ চনৰ ২ অক্টোবৰ, সমগ্ৰ ভাৰতবাসীৰ বাবে এক স্মৰণীয় দিন ৷ কিয়নো উক্ত দিনটোতেই ভাৰতৰ এজন সুযোগ্য সন্তানে জন্ম লাভ কৰিছিল, যাৰ নেতৃত্বতেই ভাৰতে পোন প্ৰথমবাৰৰ বাবে ইংৰাজৰ পৰা সম্পূৰ্ণ স্বাধীনতা লাভ কৰিছিল ৷ যিজন ব্যক্তি সকলোৰে পূজ্য, যিজন ব্যক্তিৰ একান্ত অহোপুৰুষাৰ্থৰ ফলত আজি আমি এই অৱস্থাত উপনীত হৈছো, যিগৰাকী ব্যক্তিৰ অশেষ ত্যাগ আৰু সাহসৰ ফলত ভাৰতে স্বাধীনতা লাভ কৰিছিল । সেইগৰাকী ব্যক্তিয়েই হ'ল মোহনদাস কৰমচাঁদ গান্ধী, সংক্ষেপ্তে মহাত্মা গান্ধী ।
               ১৮৬৯ চনৰ ২ অক্টোবৰ তাৰিখে গুজৰাটৰ পোৰবন্দৰ নামৰ ঠাইত "জাতিৰ পিতা" ৰূপে পৰিচিত মহাত্মা গান্ধীৰ জন্ম হৈছিল ৷ পিতা কৰমচাঁদ গান্ধী আৰু মাতৃ পুতলীবাঈৰ ঔৰসত জন্মলাভ কৰা এইজন ব্যক্তিয়েই যে বিশ্বৰ ইতিহাসত এক সোণালী যুগৰ সূচনা কৰিব সেয়া কোনেও কল্পনা কৰা নাছিল৷ ।
               "সত্যৰ সদায় জয়"- এই মতকেই সৰোগত কৰি গান্ধীজীয়ে তেওঁৰ সংগ্ৰামী জীৱনৰ পাতনি মেলিছিল ৷ সত্যৰ পথত থাকি কেনেকৈ সফলতা লাভ কৰিব পাৰি সেয়া তেওঁ স্পষ্টকৈ প্ৰকাশ কৰি থৈ গৈছে । লগৰীয়াৰ লগত ধেমালি কৰি ফুৰা গান্ধীজীয়ে কিবা দোষণীয় কৰ্ম কৰিলেও তাক সততাৰে স্বীকাৰ কৰি মহানতাৰ পৰিচয় দিছিল ৷ তেখেতক সাধাৰণতে মহাত্মা (ৰবীন্দ্ৰনাথ ঠাকুৰে প্ৰদান কৰা সন্মানসূচক "মহাত্মা") বা "মহান আত্মা",  নামেৰেও জনা যায়। কিন্তু তেওঁ আছিল অত্যন্ত লাজকুৰীয়া স্বভাৱৰ ।
               পোৰবন্দৰতে স্কুলীয়া শিক্ষা শেষ কৰি উচ্চ শিক্ষাৰ বাবে মহাবিদ্যালয়ত ভৰ্তি হৈছিল যদিও কলেজীয়া শিক্ষা আধৰুৱা কৰি বিলাতত বেৰিষ্টাৰী পঢ়িবলৈ যায় । বিলাতত বেৰিষ্টাৰী পঢ়া শেষ কৰি তেওঁ পুনৰ মুম্বাইলৈ ঘূৰি আহিছিল আৰু ওকালতি কামত যোগ দিছিল । উক্ত বিষয়ৰ কামতে দক্ষিণ আফ্ৰিকালৈ আহি আইন ব্যৱসায় আৰম্ভ কৰে ৷ গান্ধীয়ে দক্ষিণ আফ্ৰিকাত উকিল হৈ থকাৰ সময়তে তাত থকা প্ৰবাসী ভাৰতীয় সকলৰ বাবে সম অধিকাৰ বিচাৰি প্ৰথম অহিংস অসহযোগৰ প্ৰয়োগ কৰে। ২১ বছৰ দক্ষিণ আফ্ৰিকাৰ বাসিন্দা হোৱাৰ পাছত তেওঁ স্বদেশলৈ ঘূৰি আহিছিল । ১৯১৫ চনত ভাৰতলৈ ঘুৰি আহি তেখেতে চৰকাৰৰ উচ্চ খাজনাৰ দৰ আৰু বৈষম্যবাদী নীতিৰ প্ৰতিবাদ কৰিবলৈ খেতিয়ক আৰু বনুৱাসকলক সংগঠিত কৰা আৰম্ভ কৰে।  এইখিনিতে উল্লেখনীয় যে দক্ষিণ আফ্ৰিকালৈ যোৱাৰ পূৰ্বেই তেওঁ কস্তুৰীবাইক বিয়া কৰাইছিল ।
               আহমেদাবাদৰ ওচৰৰ সৱৰমতী নামে ঠাইত নিজাববীয়াকৈ আশ্ৰম পাতি দেশৰ হিতৰ বাবে জনসেৱাত ব্ৰতী হয় ৷ সবৰমতী আশ্ৰমত অত্যন্ত সাধাৰণ ভাবে থকা গান্ধীয়ে হাতেকটা সূতাৰে তৈয়াৰী আঁঠুৰ ওপৰলৈকে পৰা এখন চুৰিয়া পিন্ধিছিল আৰু শৰীৰ ঢাকিবলৈ এখন খদ্দৰৰ কাপোৰ ব্যৱহাৰ কৰিছিল। নিজেও তেখেতে প্ৰতিদিনেই যঁতৰত সূতা কাটিছিল। নিৰামিষাহাৰী গান্ধীয়ে প্ৰায়েই শৰীৰ আৰু আত্মাৰ শুদ্ধিৰ বাবে আৰু কেতিয়াবা প্ৰতিবাদৰ বাবে অনশন কৰিছিল।  সেই সময়তেই সমগ্ৰ বিশ্বজুৰি প্ৰথম মহাসমৰৰ আৰম্ভ হয়, তাৰেই ফলস্বৰূপে ভাৰততো স্বাধীনতা আন্দোলনৰ বিদ্ৰোহৰ সূচনা হয় য'ত মহাত্মা গান্ধীয়ে বিশেষ ভূমিকা পালন কৰে ৷ ১৯১৯ চন, ইংৰাজ চৰকাৰৰ দ্বাৰা পঞ্জাৱত সংঘটিত ভাৰতীয় লোকৰ হত্যাকাণ্ডই গান্ধীজীক অহিংস পথেৰে আন্দোলন সূচনা কৰিবলৈ বাধ্য কৰায় । তাৰেই ফলশ্ৰুতিত ১৯২০ চনত পোনপ্ৰথমবাৰৰ বাবে কলকতাৰ জাতীয় কংগ্ৰেছৰ অধিৱেশনত চৰকাৰৰ বিৰুদ্ধে অসহযোগ আন্দোলনৰ সূচনা হয়, সকলোৰে সমৰ্থনমৰ্মে এই আন্দোলনে এক নতুন বিদ্ৰোহৰ পাতনি মেলে ৷  ১৯২১ চনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ নেতা হিচাবে তেখেতে দৰিদ্ৰতা নিবাৰণ, নাৰীৰ সম অধিকাৰ, অস্পৃশ্যতা বৰ্জন, আৰ্থিক স্বাৱলম্বিতা গঢ়ি তোলা আদিৰ দাবীত, বিশেষকৈ স্বৰাজ অৰ্থাৎ ভাৰতৰ বিদেশী শাসনৰ পৰা মুক্ত কৰা ইত্যাদি দাবীৰে দেশজোৰা গণ আন্দোলনৰ সূচনা কৰে। ১৯৩০ চনত বৃটিছ শাসকে ভাৰতীয়সকলৰ ওপৰত জাপি দিয়া নিমখ কৰৰ প্ৰতিবাদত তেখেতে ৪০০ কিলোমিটাৰ পদযাত্ৰা কৰি গৈ দাণ্ডি নামে স্থানত দাণ্ডিযাত্ৰা নিমখ তৈয়াৰ কৰি বৃটিছ আইন উলংঘা কৰা কাৰ্য্য বিশেষভাবে উল্লেখযোগ্য।
               ঠিক সেইদৰেই ''আইন অমান্য আন্দোলন'',  ১৯৪২ চনত ইংৰাজক ভাৰত ত্যাগ কৰি গুচি যাবলৈ দাবী কৰি তেখেতে "ভাৰত ত্যাগ আন্দোন" আৰম্ভ কৰে। এই সকলোবিলাক বিদ্ৰোহৰ মূলমন্ত্ৰ আছিল "অহিংস নীতি"  আন্দোলনৰ বাবে তেখেতে ভাৰত আৰু দক্ষিণ আফ্ৰিকাতো কেইবাবাৰো কাৰাবন্দী হ'ব লগা হৈছিল । সেয়েহে ওপৰোক্ত আন্দোলনৰ ফলস্বৰূপেই ১৯৪৭ চনৰ ১৫ আগষ্ট তাৰিখে ভাৰতে ইংৰাজৰ পৰা স্বাধীনতা লাভ কৰে । ভাৰত স্বাধীন হ'ল, কিন্তু গান্ধীজীৰ সপোনৰ ভাৰতখন হৈ নুঠিল ৷ তাৰ পৰিৱৰ্তে ভাৰত আৰু পাকিস্তান- এই দুই ভাগত ভাৰত বিভক্ত হৈ পৰিল ৷
               স্বাধীনতাৰ সূচনা কৰা, জাতীয়তাবোধৰ আদৰ্শ গঢ়ি তোলা গান্ধীজী কিন্তু স্বাধীন ভাৰতত বেছিদিন জীয়াই নাথাকিল ৷ ১৯৪৮ চনৰ ৩০ জানুৱাৰী তাৰিখে প্ৰাৰ্থনা সভাৰ পৰা ঘূৰি আহোঁতে নাথুৰাম গডছে নামৰ আততায়ীৰ বলি হয় জাতিৰ পিতাজন ৷ সেইদিনাই জগতৰ পৰা চিৰদিনৰ বাবে বিদায় ল'লে মহাত্মা গান্ধীয়ে । সকলো ভাৰতবাসীকে ম্ৰিয়মান কৰি চিৰদিনলৈ চকু মুদিলে জাতিৰ পিতাজনে ।
               গান্ধীৰ আদৰ্শ আছিল সচাঁ অৰ্থত ত্যাগ তথা বহল মনোভাৱৰ ৷ সদায় সত্য পথত চলা, মানৱপ্ৰেমী আৰু অহিংসাক পৰম ধৰ্ম হিচাপে ওৰে জীৱন সাধনা কৰা মহাত্মা গান্ধী আছিল প্ৰকৃততে এজন মহান পুৰুষ ৷ "মোৰ সত্য অন্বেষণ কাহিনী"ৰ ৰচনা কৰি বিশ্ববাসীক অনুপ্ৰেৰণিত হ'বলৈ উৎসাহ যোগাই যোৱা মোহনদাস কৰমচাঁদ গান্ধীৰ মৃত্যুত ভাৰতবাসীয়ে এজন সুযোগ্য সন্তানক চিৰদিনলৈ হেৰুৱালে, যাৰ অনুপস্থিতি বৰ্তমান সময়ত বাৰুকৈয়ে উপলব্ধি কৰা যায় । গান্ধী আছিল আমাৰ আদৰ্শৰ প্ৰতীক, অহিংস নীতিৰ সগৌৰৱ দৃষ্টান্ত ।
               সেয়েহে ২ অক্টোবৰ দিনটো সমগ্ৰ ভাৰতবৰ্ষ তথা ভাৰতবাসীয়ে গান্ধীজয়ন্তী দিৱস হিচাপে পালন কৰা হয় । ভাৰতবৰ্ষ তথা ভাৰতবাসীৰ বাবে বাপুজীয়ে কৰা ত্যাগ, কষ্ট, সহিঞ্চুতাক সন্মান জনাই সমগ্র দেশবাসীয়ে ২ অক্টোবৰ তাৰিখটোত তেওঁক শ্ৰদ্ধাৰে সোঁৱৰণ কৰে ॥
                সমগ্ৰ ভাৰতত এই দিনটো চৰকাৰী ছুটিৰ দিন যদিও বৰ্তমান এই দিনটো উদযাপন দিন হিচাপে পালন কৰা হয় । ভাৰতৰ সংবিধানত জাতিৰ পিতা বুলি কোনো উপাধি প্ৰদান কৰা হোৱা নাই যদিও,  ভাৰতৰ জন-গণে মহাত্মা গান্ধীক জাতিৰ পিতা বুলি গণ্য কৰে আৰু সেয়ে বাপু বুলি সম্বোধন কৰে।
                  মহাত্মা গান্ধীৰ জন্মদিন উপলক্ষ্যে ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভায়ে ২০০৭ চনৰ ১৫ জুন তাৰিখে ২ অক্টোবৰক আন্তজাৰ্তিক অহিংসা দিৱস হিচাপে ঘোষণা কৰে।
কাৰ্যসূচীঃ-
                  গান্ধী জয়ন্তীৰ দিনা ভাৰত তথা বিশ্বৰ বিভিন্ন প্ৰান্তৰ গান্ধী স্মৃতিক্ষেত্ৰ সমূহত বিভিন্ন ধৰণৰ অনুষ্ঠানৰ আয়োজন কৰা হয়। নতুন দিল্লীৰ গান্ধীৰ সমাধি ক্ষেত্ৰ ৰাজ ঘাটত চৰকাৰী ভাবে এই দিৱস পালন কৰা হয়। প্রার্থনা সভা,আলোচনা চক্ৰ, গান্ধী বিষয়ক বিভিন্ন প্ৰতিযোগিতা পাতি পুৰস্কাৰ বিতৰণ কৰা, বিভিন্ন জনকল্যান মূলক চৰকাৰী আঁচনিৰ শুভ উদ্বোধন কৰা ইত্যাদি এই দিৱসৰ প্ৰধান কাৰ্যসূচী। ২০১৪ চনৰ ১৫ আগষ্ট তাৰিখে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই গান্ধী জয়ন্তী উপলক্ষ্যে "স্বচ্ছ ভাৰত অভিযান" নামৰ এলানি জনপ্ৰিয় অভিযানৰ কথা উল্লেখ কৰিছিল। ভাৰত বৰ্ষক স্বচ্ছতাৰ ক্ষেত্ৰত আগুৱাই নিয়া এই অভিযানৰ মূল উদ্দেশ্য। ২০১৯ চনৰ ভিতৰত এখন স্বচ্ছ ভাৰত সাৰ্থক কৰায়ে এই অভিযানৰ লক্ষ্য হিচাপে লোৱা হৈছে যি মহামানৱ মহাত্মা গান্ধীৰ ২০১৯ চনত হবলগীয়া ১৫০ তম জন্মবাৰ্ষিকীত তেওঁৰ প্ৰতি উপযুক্ত শ্ৰদ্ধাঞ্জলি হ’ব বুলি ভবা হৈছে। গান্ধী জয়ন্তীত বিভিন্ন দল-সংগঠনে বিভিন্ন ৰাজহুৱা স্থানত চাফাই অভিযানত অংশ লোৱা দেখা গৈছে।
                  এই দিনটোত কিছুমান সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হয়। বিভিন্ন দেশপ্ৰেম মূলক গীত, নাটক আদি পৰিবেশনৰ লগতে গান্ধীজীৰ প্রিয় ভজন যেনে :- ৰঘুপতি ৰাঘৱ ৰাজা ৰাম, বৈষ্ণৱ জন তো তেনে কাহিয়ে, আদি এই অনুষ্ঠান সমূহৰ মূল বৈশিষ্ট।

Post a Comment

0 Comments